সমাগত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা আৰু প্ৰথম পূজনীয় শ্ৰী গনেশ পূজাৰ প্ৰস্তুতি বিভিন্ন সমিতিৰ দ্বাৰা চলাই থকাৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত অঞ্চলত আগন্তুক ১৪ অক্টোবৰত মহালয়া আৰু ২০ অক্টোবৰৰ মহাষষ্টী ৰ পৰা আৰম্ভ হব লগা চাৰিদিনীয়া শাৰদীয় দুৰ্গোৎসব ৰ প্ৰস্তুতি বিভিন্ন পূজা সমিতিৰ দ্বাৰা চলাই থকা ৰ সমান্তৰাল কে ১৯৯৯বৰ্ষত স্থাপিত ৰহা পুৰনাচাৰিআলী দুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে গৌৰবপূৰ্ন ২৫টা বছৰ সম্পূৰ্ণ কৰাত এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ উল্লহ মালহেৰে পালন ৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে যোবা ১০ জুলাইত অনুষ্ঠিত সভাত ভূপেন কুমাৰ দাসক সভাপতি, চন্দন জ্যোতি ভূঞা, লক্ষী প্ৰসাদ বৰা,উৎপল হাজৰিকাক কাৰ্য্যকৰী সভাপতি আৰু মৃদুল হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী ৰূপালী জয়ন্তী বৰ্ষ দুৰ্গোৎসব উদযাপন সমিতি গঠন কৰাৰ লগত বিভিন্ন বিভাগৰ কেইবাটাও উপ সমিতি গঠন কৰি আৰু ১৩লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।

উদযাপন সমিতিয়ে জানিব দিয়া মতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এইবাৰ মা দুৰ্গাৰ পূজা পেণ্ডেল বিশ্ববিখ্যাত তীৰ্থস্থান শ্ৰীশ্ৰী মহাদেৱ ৰ ভূমি কেদাৰনাথ ধাম মন্দিৰৰ আৰ্হিত নিৰ্মান কৰা হব।অহা ২০ অক্টোবৰ ষষ্টী ৰ পৰা আৰম্ভ হব লগা দুৰ্গোৎসবৰ ২১অক্টোবৰ মহাসপ্তমী বিহিত পূজা, ২২অক্টোবৰত মহাঅষ্টমী পুজা আৰু ৰঙীয়াৰ পৰা আমন্ত্ৰিত শ্ৰীমন্ত শংকৰদেৱ নাগাৰা নাম দলৰ দ্বাৰা নাম প্ৰসঙ্গ পৰিবেশন কৰিব। ২৩ অক্টোবৰত মহানবমী পূজা সম্পন্ন কৰাৰ লগতে ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ উন্মোচন কৰা হব।

দুৰ্গোৎসবৰ অন্তিম দিন মহা দশমীৰ পূবা দশমী বিহিত আৰু অপৰাজিতা পূজা ৰ পাছত বিয়লী দেবী দুৰ্গা ৰ প্ৰতিমা ক লৈ শুভাযাত্ৰাৰে নগৰ ভ্ৰমন আৰু প্ৰতিমা ৰ জল বিসৰ্জন কৰা হব।নিশা ৰুপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত হব লগা সাংস্কৃতিক অনুষ্ঠান ৰ মুখ্য আকৰ্ষণ হব জন্মপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু ৰাজীব নাথ।

ৰূপালী জয়ন্তী বৰ্ষ দুৰ্গোৎসব উদযাপন সমিতিয়ে সমুহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা ৰ কামনা কৰিছে।