ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি থকা মাজতে মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামিল খেতি পথাৰত।
কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ’ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ লোকৰ পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে, অনুভৱ কৰাৰ উদ্দেশ্যই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন। সকলো’ ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে। উদ্দেশ্য নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰাৰ।
নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জনাবৰ বাবেই এই আযোজন। পুৱাই বাল্য বিকাশ বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ এই দৰে নামিল এনে দৰে পথাৰত । তাৰ মাজতে বৰ্তমান সময়ত চলি থকা পৰিস্থিতিৰ বিষয়ে নিজৰ মত কৰিলে প্ৰকাশ।