২০১৬বৰ্ষত স্থাপিত ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰত আজিৰ পৰা ১০০ ঘন্টিয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ ৰ শুভাৰম্ভ হৈছে।

    পতঞ্জলি যোগপীঠ হৰিদ্বাৰ ৰ তত্বাৱধানত, ৰাজ্যিক যুৱা ভাৰতৰ দ্বাৰা আয়োজিত আৰু ৰহা যুৱা ভাৰত ও ৰহা আদৰ্শ পতঞ্জলি যোগ সমিতিৰ সৌজন্যত ৰহা মহেন্দ্ৰ হাজৰিকা প্ৰেক্ষাগৃহ ত পূবা ৫বজাৰ পৰা আৰম্ভ হোবা১০০ দিনীয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক ৰুপে ভাৰত স্বাভীমান পশ্চিম অসমৰ ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰ উপস্থিত থাকি শতাধিক পুৰুষ মহিলা যুবক যুৱতীক প্ৰশিক্ষণ দিয়ে।

আয়োজকে জনাই যে প্ৰশিক্ষণত অংশ লোবা সমূহ শিক্ষাৰ্থী ক পতঞ্জলি হৰিদ্বাৰ যোগপীঠৰ প্ৰমান পত্ৰ প্ৰদান কৰাৰ লগতে যোগ শিক্ষক ৰুপে জীবন জীবিকাৰ সুযোগ লাভ কৰিব।

  আজিৰ পৰা আৰম্ভ হোবা ১০০ ঘন্টিয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰত ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ প্ৰভাৰী ড° লক্ষীধৰ দাস,প্ৰাক্তন প্ৰভাৰী কমলচন্দ্ৰ শৰ্মা,সহ প্ৰভাৰী সুনিল হাজৰিকা,যোগাচাৰ্য্য ৰামনিবাস শৰ্মা,ৰহা যুৱা ভাৰতৰ প্ৰভাৰি অসীম হাজৰিকা, সহ প্ৰভাৰি অৰুপ বৈশ্য,ৰহা পতঞ্জলি মহিলা সমিতিৰ প্ৰভাৰি স্বৰ্ণলতা ভূঞা সহ বৃহতৰ ৰহা আঞ্চলৰ অহা শতাধিক পুৰুষ মহিলা যুবক যুৱতী আৰু ৰহা পতঞ্জলি যোগ সমিতিৰ অন্তৰ্গত ৰহা, চাপৰমখ,বাৰহপুজিয়া সহ বিভিন্ন শাখাৰ পৰা অহা প্ৰতিনিধি উপস্থিত থাকে।