ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চাৰিকঢ়িয়া নদীৰ পানী যুঁৱলীত শনিবাৰে এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়। প্ৰত্যক্ষদৰ্শী ৰাইজে শনিবাৰে পুৱা মৃতদেহতো প্ৰত্যক্ষ কৰি ঢকুৱাখনা সদৰ থানাত অৱগত কৰে। ঢকুৱাখনা আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আৰক্ষীয়ে মৃতদেহটো কৈলাশ নাথ বুলি চিনাক্ত কৰিছে। ঘটনাৰ বিবৰণী মতে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বালি গাঁওস্থিত নিজা বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন। কিছু দিন ধৰি প্ৰবল মানসিক অৱসাদত ভুগি ব্যক্তিজনে অত্যাধিক সুৰা পান কৰি উক্তদিনা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল । আৰক্ষী আৰু পৰিয়ালৰ অশেষ সন্ধানৰ অন্তত বিগত ৪ টা দিনৰ পাছত নদীৰ পানী যুঁৱলীৰ পৰা অৰ্ধগলিত অৱস্থাত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেহত কোনো আঘাতৰ চিহ্ন প্ৰত্যক্ষ নকৰা আৰু ডিঙিত এখন গামোচাৰ গাঁঠি প্ৰত্যক্ষ কৰি এয়া এক আত্মহত্যাৰ ঘটনা বুলি আশংকা কৰা হৈছে । ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  દાહોદ વિધાનસભામાં ઇચ્છુક ઉમેદવાર વ્યક્તિના નામ 
 
                      દાહોદ વિધાનસભા માં ઇચ્છુક ઉમેદવાર વ્યક્તિના નામ, આ મુજબ છે
                  
   स्कूल में पौधारोपण किया पर्यावरण संरक्षण को लेकर लगाए पौधे सुरक्षा का लिया संकल्प  
 
                      क्षेत्र के आजन्दा गांव में राजकीय उच्च प्राथमिक संस्कृत विद्यालय आजन्दा स्कूल में पौधारोपण किया...
                  
   अग्रसेन जयन्ती 3 अक्टूबर को: विभिन्न सेवा कार्यों के साथ मनाएंगे अग्रसेन जयन्ती, कुलदेवी माता महालक्ष्मी की पालकी यात्रा निकलेगी 
 
                      महाराजा श्रीअग्रसेन सोश्यल ग्रुप कोटा संभाग महामंत्री परमानन्द गर्ग ने बताया कि अग्रसेन जयंती से...
                  
   
  
  
  