*ৰাজহুৱা গায়ন ঘাত মাৰি হত্যাকাৰীৰ শাস্তি প্ৰাৰ্থনা ঘিলামৰাত*

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

 ধৰ্ম, বিশ্বাস ভক্তি আৰু পৰম্পৰা এই চাৰি মূল উপজীৱ্যৰ ওপৰতে এখন পৰিশীলিত সমাজৰ বুনিয়াদ গঢ়ি উঠে। অসুয়া,হিংসা আৰু অপ্ৰীতিজর্জৰ এখন সমাজৰ প্ৰজন্মক সত্যতা আৰু সততাৰ পথলৈ উভতাই আনিবলৈ বহু সময়ত ধৰ্ম,বিশ্বাস ভক্তি আৰু পৰম্পৰাৰ এই পৌৰাণিক মাপকাঠি ব্যৱহাৰ কৰাৰ দৃষ্টান্ত গ্ৰাম্য সমাজত দেধাৰ । শেহতীয়া ভাবে এনে এক গ্ৰামাঞ্চলিয় পৌৰাণিক প্ৰথাৰ আশ্ৰয় গ্ৰহণ কৰি এক নাৰকীয় কাণ্ডৰ ন্যায় প্ৰাপ্তিৰ সমজুৱা আৱাহন কৰা দেখা গল ঢকুৱাখনা মহকুমাত । মহকুমাটোৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰী গাঁওত যোৱা ১৮ আগষ্টৰ নিশা সংঘটিত হৈছিল এক অমানুষিক বৰ্বৰ হত্যাকাণ্ড। গাঁওখনৰ উদীয়মান সৰবৰহি যুৱক অতুল শইকীয়াক নিৰ্মম ভাবে হত্যা কৰিছিল এক দুৰ্দান্ত চক্ৰই । সম্পূৰ্ণ শীতল মস্তিস্কৰে পৰিকল্পিত ভাবে গুৱালদৈ বাটমাৰী তিনিআলিৰ নিজ গৃহৰ ওচৰতে কেইটামান নৰহত্যাকাৰী পাষণ্ডই নিৰ্মম ভাবে হত্যা কৰা এই বৰ্বৰ ঘটনা সন্দৰ্ভত এক গোচৰ চলি আছে ঘিলামৰা থানাত । ইতিমধ্যে মৃতক অতুল শইকীয়াৰ বন্ধু তিনিটাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত চলি আছে । আৰক্ষীৰ এই তদন্তই কি গতি লৈছে বা কি সাক্ষ্য প্ৰমাণ লাভ কৰিছে তাৰ উৱাদিহ লাভ নকৰি সন্দিহান দুৰ্ভগীয়া পৰিয়ালটো । বহু ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীৰ উপযুক্ত বাস্তৱিক তথ্য প্ৰমাণ লাভ নকৰাৰ বাবেই বহু ঘাটক আইনৰ সুৰুঙা লৈ যথাযোগ্য শাস্তি লাভ নকৰাকৈ মুকলি আকাশৰ তললৈ ওলাই অহা দেখা গৈছে । ধেমাজি গনহত্যা আৰু কাৰ্বি আংলংৰ বিশাল বিত্তীয় কেলেংকাৰীৰ চূড়ান্ত ৰায়দানে এনে সন্দেহ ৰাইজৰ মাজত ঘনীভূত কৰি তুলিছে । ঘিলামৰাৰ অতুল হত্যাকাণ্ডৰ প্ৰকৃত হত্যাকাৰীৰ ক্ষেত্ৰটো এনে কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ গভীৰ আশংকা কৰি ৰাইজে এইবাৰ এই নৰহত্যাকাণ্ডৰ উচিত বিচাৰৰ ভাৰ অৰ্পণ কৰিছে ভগৱন্তৰ ওপৰত । দুৰ্ভগীয়া পৰিয়ালটোৰ এটাই ইচ্ছা প্ৰকৃত হত্যাকাৰী চিনাক্ত হওক আৰু নৰহত্যাৰে ব্ৰহ্মপাপ কৰা এনে নৰ পিশাসৰ ৰাইজৰ দৃষ্টিত পৰাকৈ সমুচিত শাস্তি পাওক। তাৰেই মনস্থ কৰি শোকাহত পৰিয়ালটোৰ আহ্বান ক্ৰমে বুধবাৰে গুৱালদৈ বাটমাৰী গাঁওৰ ৰাইজ একত্ৰিত হৈ ধৰ্ম বিচাৰ কামনাৰে গাঁওখনৰ হৰিমন্দিৰ প্ৰাঙ্গনত উপস্থিত হয়। পুৱাই গাঁওখনৰ বুঢ়া মেঠা , আই বাপ সমস্ত ,যুৱক যুৱতী সকল পবিত্ৰ মনেৰে হৰিমন্দিৰত গুৰু বাদ্য সম্ভাৰেৰে উপস্থিত হয়। পুত্ৰ শোকৰ অব্যক্ত বেদনাত জৰ্জৰিত পিতৃ দ্রুৰ্ণ কান্ত শইকীয়া আৰু শোকসন্তপ্ত পৰিয়ালৰ সেৱা গ্ৰহণৰ পাছতে গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে সেৱকীৰ মনোবাঞ্চা পূৰণৰ হেতু ৰাজহুৱা স্তুতি প্ৰাৰ্থনা কৰি গায়ন বায়নৰ গুৰুঘাত মৰা হয় । নৰহত্যাৰ ধৰ্ম বিচাৰৰ লগতে হত্যাকাৰীক ৰাজহুৱা দৃষ্টিত পৰাকৈ গুৰুদণ্ড প্ৰদানৰ প্রাৰ্থনাৰে ধূপ চাকি বন্তি জ্বলাই শৰাই উৎসৰ্গা কৰি ৰাইজে গায়ন বায়ন ,শংখ ,ঘণ্টা বজাই মৰা গুৰু ঘাটৰ ধ্বনিত সমগ্ৰ অঞ্চলৰ আকাশ বতাহ নিনাদিত হয় । এক লোমহৰ্ষক ধৰ্মীয় এই লোক পৰম্পৰা নিৰ্দ্ধাৰিত সময় ধৰি অব্যাহত ৰখাৰ পাছত ধৰ্মীয় পৰম্পৰা অনুসৰি সামৰণি মৰা হয়। গাঁওখনৰ আধ্যাত্মিকতাবাদত বিশ্বাসী বৃদ্ধ বৃদ্ধা , ৰাইজৰ দৃঢ় বিশ্বাস আৰক্ষীৰ ক্ৰুটিপূৰ্ণ তদন্ত প্ৰক্ৰিয়া, পক্ষপাতি তদন্ত প্ৰক্ৰিয়াৰ আলমত নৰখাদক সকলে পৰিত্ৰাণ পাব ঠিকেই । কিন্তু ভগৱন্তৰ বিচাৰত কোনো এজনো সি লাগে হত্যাকাৰীয়ে হওক কিম্বা হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিব বিচৰা সকলেই হওক কোনো বাচি নাযাব। পৌৰাণিক কালৰে পৰা এক ধৰ্মীয় মাহাত্ম্য থকা অন্তিম বিচাৰ সম্বল এই "বৰঘাত"ৰ পাছত ৰাইজ আশ্বস্ত ফল অৱশ্যাম্ভাৱী । সেৱকী ৰাইজৰ চকুত পৰাকৈ প্ৰকৃত হত্যাকাৰী আৰু অন্যান্য আশ্ৰিত সকল উচিত দণ্ডৰে দণ্ডিত হবই ভগৱানৰ বিচাৰত । সম্প্ৰতি বিজ্ঞান মনস্কতাৰ যুগত এনে কৌটিকলিয়া ধৰ্মীয় বিচাৰৰ ধাৰণাৰ ফল যিয়েই নহওঁক গাঁওখনৰ শোকাকূল ৰাইজ কিন্তু পুৰামাত্ৰাই বিশ্বাসী বাহ্যিক আদালতত ৰেহাই পালেও নৰখাদক সকল নেদেখাজনৰ আদালতত চূড়ান্ত দণ্ডৰে দণ্ডিত হবই। সেয়াও ৰাইজৰ জ্ঞাত হোৱাকৈ আৰু ৰাইজৰ দৃষ্টিত ধৰা পৰাকৈ ।