অহা ১৩ৰ পৰা ১৫ আগষ্টলৈ চলিব লগীয়া ‘ঘৰে ঘৰে জাতীয় পতাকা’ (হৰ ঘৰ তিৰংগা) অভিযানৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত দেশৰ নাগৰিকসকলক নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছে।

শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত অহা ৮ৰ পৰা ১৫ আগষ্টলৈ বিভিন্ন সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এখন ভ্ৰাম্যমাণ বাহন যোগে হৰ ঘৰ তিৰংগা অভিযানৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰা চৰকাৰী প্ৰসংগ-গীতটি অনুভাষ যন্ত্ৰৰ জৰিয়তে প্ৰচাৰ চলাই আছে । লগতে জনসাধাৰণৰ মাজত সৰ্বাধিক সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিভিন্ন বিষয় সামৰি প্ৰস্তুত কৰা ঘোষণা আদিও প্ৰচাৰ কৰি থকা হৈছে। বাহনখনৰ সৈতে নিয়োজিত বিষয়া কৰ্মচাৰীসকলে জনসাধাৰণৰ মাজত এই কাৰ্যসূচী সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকা, আদি বিতৰণ কৰাৰ লগতে খাদ্য, অসামৰিক যোগান বিভাগৰ পৰা লাভ কৰা ৰাষ্ট্ৰীয় পতাকা ১৮ টকা মূল্যত বিক্ৰী কৰাৰ ব্যৱস্থা হাতত লৈছে ।

লগতে, শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয় আৰু জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী আৰু জনসাধাৰণৰ বাবে harghartiranga.com পৰ্টেলত চেলফি আপলোড কৰাৰ বাবে চেলফি ষ্টেণ্ড স্থাপন কৰা হৈছে।

এই কাৰ্যসূচীৰ অংশ হিচাপে ৯ আগষ্টৰ পৰা ১২ আগষ্টলৈ জিলাখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষা বিভাগৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব আৰু প্ৰতিটো শাখাৰ শীৰ্ষ তিনিটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব।

ইতিমধ্যে, বিভিন্ন আচঁনিৰ হিতাধিকাৰীৰ পৰা ৰাষ্ট্ৰীয় পতাকাসহ চেলফি সংগ্ৰহ কৰি harghartiranga.com পৰ্টেল আৰু জিলা প্ৰশাসনৰ ৱেবছাইট www.sonitpur.nic.in ত আপলোড কৰি থকা হৈছে ।

তদুপৰি, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সঠিক নিয়ম উল্লেখ কৰি সংশোধিত ভাৰতীয় পতাকা সংহিতা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে তেজপুৰ চহৰৰ স্থিৰ অনুভাষ যন্ত্ৰৰ জৰিয়তে জিলাৰ জনসংযোগ কাৰ্যালয়ৰ দ্বাৰা নিয়মীয়া ঘোষণা কৰি থকা হৈছে ।

শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱা কুমাৰ মিশ্ৰই জিলাৰ সমূহ ৰাইজক ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজ গৃহত ত্ৰিৰংগা উত্তোলন কৰাৰ লগতে harghartiranga.com পৰ্টেলত পতাকা পিন কৰিবলৈ আহবান জনাইছে।