ৰাজ্যত সুৰ্য্য দেৱতাৰ প্ৰচণ্ড উত্তাপ৷গৰমে দহিছে ৰাইজক৷অকনমাণ বতাহ বিচাৰি গছৰ তলত ৰাইজে বোন্দাপৰ দিব লগা অৱস্থা হৈছে৷জীৱজন্তু সকলোৱে যেন গৰমৰ উত্তাপত জ্বলাকলা খাইছে৷ইয়াৰ মাজতে এ পি ডি চি এলৰ ঘন্টাৰ পিচত ঘন্টা ধৰি লোডচিদিং কৰাত অতিষ্ঠ হৈ জনসাধাৰণ৷ইফালে প্ৰচণ্ড গৰম আনফালে বিদ্যুত বিজুতিৰ বাবে মহা বিপদত পৰিছে ৰাইজ৷বৰ্তমান শাসক বিৰুধি সকলো দলৰে কৰ্মকৰ্তা তথা বিভিন্ন সংগঠনে একমুখে ধিক্কাৰ দিছে এ পি ডি চি এলক৷আনকি দিনটোৰ ২৫ ঘন্টাই বিদ্যুত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি শাসনত বহা চৰকাৰে এইক্ষেত্ৰত নিমাত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে ভূক্তভোগি ৰাইজে৷