৩ চেপ্তেম্বৰ অৰ্থাৎ অভিৰুচী দিৱস । অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে সমগ্র অসমতে অভিৰুচী দিৱস কৰিছে পালন । সমান্তৰালকৈ মৰাণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP মৰাণ শাখাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি চতুৰ্থ বাৰ্ষিকৰ বাবে আয়োজন কৰে ২১ কিলমিটাৰ দৈঘ্যৰ সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা । মৰাণ শেনছোৱা পুখুৰীৰ পৰা আৰম্ভ কৰা এই প্ৰাইজমণি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহন আৰু বিধায়ক চক্ৰধৰ গগৈয়ে। এই মাৰাথন প্ৰতিযোগিতাৰ অন্ত পৰে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত। এই অভিৰুচি ক্ৰীড়া দিৱস বিভিন্ন প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
অভিৰুচি ক্ৰীড়া দিৱসৰ উপলক্ষ্যে মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা। প্ৰতিযোগীৰ লগে লগে দৌৰ লগালে মন্ত্ৰী যোগেন মহন আৰু চক্ৰধৰ গগৈয়ে।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/09/nerity_8682b19ce8f3e6556d6d3c90a7afbf58.jpg)