সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত আলফাক সমৰ্থন কৰি খেলুৱৈ প্ৰণিতা চুতীয়াই প্ৰায় ৪৭ টা দিন কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰি ঘৰত মাত্ৰ এনিশা কটাই বিনা অনুশীলনেৰে ৰাষ্ট্ৰীয়পৰ্যায়ৰ উশ্বু খেলত ব্ৰঞ্জৰ পদক লাভ কৰি আজি নিজ ঘৰত উপস্থিত হয়।

নিজ গৃহ নগৰ মৰাণত প্ৰণিতা উপস্থিত হোৱাৰ লগে লগেই দল সংগঠনৰ লোক সকলৰ লগতে কেইবাগৰাকী সমাজকৰ্মীয়ে অভিনন্দন জ্ঞাপন কৰে।