ৰাজ্যপালৰ আদেশ নং AD/BC/766/2022/18-A কাৰ্যকৰী কৰাৰ দাবীত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ আছা মৰাণ আঞ্চলিক সমিতিৰ স্মাৰক পত্ৰ প্ৰদান ।

জাতিগত প্রমাণ-পত্ৰ আবেদনকাৰীৰ প্ৰকৃত জনজাতি/জাতি/উপ-জাতিৰ নামত দিয়া হ'ব লাগে, চাহ বাগিচা / প্ৰাক্তন চাহ বাগিচা সমাজৰ সদস্য ৰূপে নহয় । এই অধিসূচনা আজিলৈকে কাৰ্যকৰী কৰা হোৱা নাই ।

আজিও চাহ বাগিচা আৰু গাঁৱত বসবাস কৰা আদিবাসী লোকসকলে অনলাইনত “মিছন ভূমিপুত্ৰ'ৰ যোগেদি জাতিগত প্ৰমাণ পত্ৰৰ আবেদন কৰিলে তেওঁলোকৰ প্ৰকৃত জনজাতি/উপ-জনজাতি/জাতি/উপ-জাতিৰ নাম ঠিকেই আহে । কিন্তু “Tea Garden Labourers / Tea Garden Tribes / Ex-Tea Garden জাতি/সম্প্রদায়ৰ লোক হয় [Belongs to (Original Tribe/Caste Name) (Tea Garden Labourers/Tea Garden Tribes/Ex-Tea Garden Labourers /Ex-Tea Garden Tribes]” এনেধৰণে ছপা হৈ ওলাই আহে ।

ৰাজ্যপালে জাৰি কৰা আদেশপত্ৰত, ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা বিভাগৰ মুখ্য সচিব IAS মুকেশ চন্দ্ৰ চাহুয়ে ২০২২ চনৰ ১ মেৰ পৰা কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছিল । এই অধিসূচনা আজিলৈকে কাৰ্যকৰী কৰা হোৱা নাই ।

সেয়েহে প্ৰকৃত জনজাতি/উপ- জনজাতি/জাতি/উপ-জাতি যেনে ওৰাওঁ, মুণ্ডা, খাড়ীয়া, চাওঁতাল, পৰজা, ভূমিজ আদিৰ নামত জাতিগত প্ৰমাণ পত্ৰ পাবৰ বাবে ৰাজ্যপালৰ আদেশ পত্ৰক অতি সোনকালে কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা ল'বলৈ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই

।