নলবাৰী জিলাৰ উত্তৰ কৈঠালকুছিত এটি গুৰুত্বপূৰ্ণ লোকনির্মাণ পথত হোৱা প্ৰকাণ্ড-প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ বাবে সম্প্রতি উক্ত পথটো বন্ধ হোৱাৰ উপক্ৰম হৈছে। উল্লেখ্য যে, বৰমা বিধানসভা সমষ্টি আৰু ধৰ্মপুৰ বিধান সমষ্টিক প্রত্যক্ষ ভাৱে সংযোগ কৰা অৰ্থাৎ নলবাৰী আৰু বাক্সা জিলাৰ অন্তৰ্গত কেবিএছ কৈঠালকুছি- বৰমা- সুৱনখাটা লোকনিৰ্মাণ পথৰ বৰমা গোৱৰাদল-কৈঠালকুছি অংশৰ পথচোৱা আজি কেইবা বছৰ ধৰি যাতায়তৰ অনুপযোগী হৈ পৰাত পথচাৰী সকলে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে । এই বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বিস্তৃতভাবে বাতৰি প্ৰকাশ পোৱাৰ লগতে সময়ে সময়ে বিভিন্ন দল-সংগঠনে পথটো নতুনকৈ নিৰ্মাণ কৰি যাতায়ত সুচল কৰি দিবলৈ দাবী জনোৱাৰ পাছত শেহতীয়াভাৱে লোকনির্মাণ বিভাগৰ মুছলপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে

১০ কৌটি টকা ব্যয় সাপেক্ষে বৰমাৰ পৰা উত্তৰ কৈঠালকুছিৰ মাজৰ অংশখিনি (প্রায় চাৰে ছয় কিলোমিটাৰ পথ) নিৰ্মাণ সম্পূৰ্ণ কৰিছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে, পথটোৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ আওতাত পৰা উত্তৰ কৈঠালকুছিৰ অংশখিনি (প্রায় এক কিলোমিটাৰ পথ) মেৰামতি নকৰাত সম্প্ৰতি পথছোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড দ' গাঁতৰ সৃষ্টি হোৱাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে সম্প্ৰতি পথটোৰ এই দ' গাঁতবোৰত বৰষুণৰ পানীৰে পৰিপূৰ্ণ হৈ ৰাস্তা নে পুখুৰী ধৰিবই নোৱাৰা হৈছে । আনকি, পথছোৱাত সৃষ্টি হোৱা এই বৃহৎ পুখুৰী সদৃশ গাঁতবোৰত ইতিমধ্যে বহু চাইকেল, বাইক, স্কুটী, ই-ৰিক্সা দুৰ্ঘটনাত পতিত হৈছে। কেবাগৰাকীও আৰোহী, পথচাৰী গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছে। আনকি পূর্বে উক্ত পথছোৱাত ১৮ চকীয়া ট্রাকো বাগৰি পৰিছিল মেৰামতিৰ অভাৱত যাতায়াতৰ বাবে বিপজ্জনক

হৈ পৰা ধৰ্মপুৰ বিধানসভা সমষ্টিৰ আওতাৰ এই পথছোৱাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ বিভাগীয় কর্তৃপক্ষ আৰু স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অকণো গুৰুত্ব প্ৰদান নকৰাত সম্প্ৰতি উক্ত পথছোৱাৰ বাবে এতিয়া গোটেই কৈঠালকুছি-বৰমা লোকনিৰ্মাণ পথটো সাধাৰণ পথচাৰি আৰু লঘু যান-বাহনৰ বাবে সম্পূর্ণ বন্ধ হোৱাৰ উপক্ৰম হৈছে বুলি ৰাইজে উল্লেখ কৰিছে। আনকি, ৰাইজ আৰু স্থানীয় কেইবাটাও সংগঠনে বহুবাৰ এই পথছোৱা মেৰামতি কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক আবেদন নিবেদন কৰি অহাৰ পিছতো লোকনিৰ্মাণ বিভাগ আৰু স্থানীয

জনপ্রতিনিধিগৰাকীয়ে অকনো গুৰুত্ব প্ৰদান নকৰাত

আজি শতাধিক পুৰুষ মহিলা পথলৈ ওলাই আহি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে । জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পথছোৱা নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ । এই ক্ষুব্ধ ৰাইজে এতিয়া পথটোৰ এই এক কিলোমিটাৰ অংশখিনি মেৰামতি কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী