ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation), চমুকৈ ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত মৰাণ নতুন নগৰৰ অশোক জৈনৰ পুত্ৰ আনন্দ জৈনে চন্দ্ৰযান-৩ অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ SHAPE payload in the propulsion module অংশগ্ৰহন কৰিছিল । এই পেলোডে অধ্যয়ন কৰিব, The spectro-polarimetric signatures of Earth from Moon’s orbit অৰ্থাৎ চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ স্পেক্ট্ৰো-পোলাৰিমেট্ৰিক স্বাক্ষৰ ।
মৰাণৰ ব্যৱসায়ী অশোক জৈন আৰু গীতা দেৱী জৈনৰ পুত্ৰ আনন্দ জৈনে ২০১১ চনত ইছৰোত বিজ্ঞানী হিচাপে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে, তেওঁ তিৰুৱন্তপুৰমত অৱস্থিত ইছৰোৰ মহাবিদ্যালয় আইআইএছটি (IIST)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । দশম শ্ৰেনীলৈকে মৰাণৰ St Andrews School ত অধ্যয়ন কৰাৰ পিছত ডিব্ৰুগড়ৰ Salt Brook Academy ত অধ্যয়ন কৰিছিল আনন্দ জৈনে । বৰ্তমান কৰ্মসূত্ৰে পত্নী আৰু পুত্ৰৰ সৈতে বেংগালুৰুৰ বাসিন্দা আনন্দ জৈন । পত্নী চুইজা জৈনো বেংগালুৰুত Chartered Accountant (CA) হিচাপে কৰ্মৰত ।
বিশ্ব অভিলেখ সৃষ্টি কৰা চন্দ্ৰযান-৩ ৰ অভিযানত আনন্দ জৈনে অংশগ্ৰহন কৰাত উৎফুল্লিত আনন্দ জৈনৰ পিতৃ-মাতৃ আৰু মৰাণবাসী ।