ঢকুৱাখনাত সমষ্টি পুনৰনিধাৰণৰ বিৰোধিতাৰে মিছিং জাতীয় সংগঠনৰ উদ্যোগত বিশাল বাইক ৰেলী ।
ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোৱণশিৰীৰ গাওঁ পঞ্চায়তৰ ১৯খন গাঁও নাওবৈচা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰাক লৈ ধাৰাবাহিক ভাৱে মিছিং জাতীয় সংগঠন TMPK,MMk,আৰু TMMK উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
আজি ঢকুৱাখনা সোৱণশিৰীৰ ৰেগন চাপৰি গাওঁৰ পৰা এক হাজাৰো মিচিং জাতীয় সংগঠন অৱনৰি আঞ্চলিক সমিতিৰ কৰ্মকতাই বাইক ৰেলিত অংশগ্ৰহণ কৰি পুনৰ সমষ্টি নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰায় ৫০কিলোমিটাৰ দূৰত্বলৈকে এইদৰে কেইবা সহস্ৰাধিকলোকে বাইক ৰেলীৰ জৰিয়তে নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিৰোধীতাৰ কৰা পৰিলক্ষিত হয়।
সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলেৰ ষড়যন্ত্ৰৰ বাবে ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোৱণশিৰীৰ গাঁও পঞ্চায়তৰ ১৯খন গাওঁ নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হবলৈ পালে বুলি ব্যক্ত কৰে সংগঠনটোৰ বিষয় ববীয়াই।।