জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মালবস্তিত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰামতে অঞ্চলটোৰ অৰুণ টিমছিনা নামৰ যুৱকজনৰ মৃতদেহ গাওঁখনৰ পথাৰৰ মাজত থকা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয়।অৱশ্যে যুৱকজনৰ মৃত্যুৰ কাৰণ এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলিত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰি তদন্ত আৰম্ভ কৰিছে।