প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাচন্দ্ৰযান-৩ অভিযানত জড়িত ইছৰোৰ বিজ্ঞানী দলটোক সম্বোধন কৰে। 

বেংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰল কমপ্লেক্সত তেওঁলোকৰ মিছনৰ সফলতাক লৈ দলটোক সম্বোধন কৰি আৱেগিক হৈ পৰে পিএম মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই আপোনালোকক অতি সোনকালে লগ কৰি চেলুট কৰিব বিচাৰিছিলো, আপোনাৰ প্ৰচেষ্টাক চেলুট কৰিব বিচাৰিছিলো।

"আজি মই এক বেলেগ স্তৰৰ সুখ অনুভৱ কৰিছো। এনে অনুষ্ঠান অতি বিৰল, এইবাৰ, মই ইমানেই অস্থিৰ হৈ পৰিছিলো। মই দক্ষিণ আফ্ৰিকাত আছিলো কিন্তু মোৰ মনটো আপোনাৰ লগত আছিল।"

চন্দ্ৰযান-৩ অভিযানৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে।