আজি স্বাধীনতা সেনানী ৰাষ্ট্ৰীয় শ্বহীদ মেজৰ দুৰ্গা মল্ল দেৱৰ ৭৯ সংখ্যক 'বলিদান দিৱস' । স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত দেশৰ বাবে প্ৰাণ আহুতি দিছিল মেজৰ দুৰ্গা মল্লই । এইজনা বীৰ শ্বহীদৰ ত্যাগ, দেশপ্রেম তথা মহান আদর্শ সমাজত জীয়াই ৰখাৰ উদ্দেশ্যৰে প্ৰতি বছৰে আজিৰ দিনটোত উদযাপন কৰি অহা হৈছে শ্বহীদ মেজৰ দুৰ্গা মল্ল দেৱৰ 'বলিদান দিৱস' ।
এই উদ্দেশ্যে, আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে দুৰ্গা মল্ল দেৱৰ ৭৯ সংখ্যক 'বলিদান দিৱস' ।
মৰাণত ঝলম ৰঙাগড়াত সদৌ অসম গোর্খা ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তথা মৰাণ আঞ্চলিক গোর্খা নাৰী পৰিষদ আৰু মৰাণবাসী ৰাইজৰ সহযোগত বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় দুৰ্গা মল্ল দেৱৰ ৭৯ সংখ্যক 'বলিদান দিৱস' ।
কাৰ্যসূচীত পতাকা উত্তোলন, শ্বহীদ তৰ্পন, দুৰ্গা মল্ল দেৱৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন পিছতে অনুষ্ঠিত মুকলি সভাত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া, জিলা সমিতিৰ বিষয়-ববীয়া, বিধায়ক চক্ৰধৰ গগৈৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে