চৰাইদেউ জিলাৰ ৰঙাপথাৰ স্থিত আদর্শ বিদ্যালয়ত আৱাসিক গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন

উপায়ুক্ত পল বৰুৱাৰ পৰিদৰ্শন আৰু অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময়

 সমগ্র শিক্ষা, চৰাইদেউৰ উদ্যোগত তথা চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চফ্ৰাই স্থিত আদর্শ বিদ্যালয়, ৰঙাপথাৰত যোৱা ২০ জুলাইৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে এক আৱাসিক গ্ৰীষ্মকালীন শিবিৰিৰ আয়োজন কৰা হৈছে। জিলাখনৰ ৮৬ খন চৰকাৰী আৰু প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু মধ্য অসমীয়া বিদ্যালয়ৰ ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিবিৰত অংশগ্ৰহণ কৰে। এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্র-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এই শিবিৰৰ মাধ্যমেৰে পতঞ্জলি যোগ প্ৰশিক্ষণ, ব্ৰহ্মকুমাৰী ধ্যান প্ৰশিক্ষণ, কলা আৰু শিল্প, গল্প কোৱা, তর্ক, আকস্মিক বক্তৃতা, দৃশ্য কলা, ভেক্টৰ চিত্ৰণ, ৰ'বটিক্স, অংকৰ যাদু, কবিতা আবৃত্তি, ছাইবাৰ সুৰক্ষা, কেলিগ্ৰাফী, ইলেক্ট্ৰনিক্স, ইতিহাস আৰু বিশ্ব ঐতিহ্য, বিজ্ঞান আৰু জীৱন কৌশল, সাধুকথা কোৱা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত সমল ব্যক্তিসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আজি আদর্শ বিদ্যালয়, ৰঙাপথাৰত উপস্থিত হৈ শিবিৰৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া পৰিদৰ্শন কৰে। তেওঁ শিবিৰটোৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে।শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই বিদ্যালয়খনত উপস্থিত হৈ শিবিৰটোৰ কাৰ্যসূচীসমূহ তদাৰক কৰে আৰু উদ্যোক্তাসকলক বিভিন্ন দিহা-পৰামৰ্শ প্ৰদান কৰে। আদৰ্শ বিদ্যালয়, ৰঙাপথাৰৰ অধ্যক্ষ কুমুদ দিহিঙীয়া আৰু সৰ্ব শিক্ষাৰ জিলা প্ৰকল্প বিষয়া ডঃ বিদ্যুৎ দিহিঙীয়া শিবিৰটোৰ সামগ্ৰিক ব্যৱস্থাপনাৰ দায়িত্বত আছে।