১৯৬০ চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাতৃ সংগঠন ভাৰতীয় যুৱ কংগ্ৰেছৰ আজি ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস ।বৃটিছৰ কবলৰ পৰা উদ্ধাৰৰ মুখ্য ভুমিকা গ্ৰহণ কৰোঁতা সকলেই গঠন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দল ।পৰাধীনতাৰ ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি পংকিলময় পথৰ পৰা স্বাধীনতা লাভ কৰা সময়টো বৃটিছে অলেখ সম্পদ লৈ যোৱা দেশখনত ভাৰতীয় জাতীয় কংগ্ৰেছে এপদ এপদ কৈ গঢ়ি আজি যি সবল স্থিতিত ভাৰতবৰ্ষক উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গঢ় দিলে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে স্বীকাৰ কৰিবই লাগিব ।        আজি এই প্ৰতিষ্ঠা দিৱসৰ প্ৰবিত্ৰ ক্ষণত চৰাইদেউ জিলাৰ সোনাৰী স্থিত ৰাজীৱ ভৱনত যুৱ শক্তিৰ লগত কায্যসূচীৰ প্ৰথমে পতাকা উত্তোলন আৰু মহামানৱ মাহাত্মা গান্ধী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় ।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সোনাৰী চৰকাৰী চিকিৎসালয়ত ৰোগী সকলক ফলমুল প্ৰদান কৰি তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰোঁ ।