সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা ৰ নিৰ্দেশত নতুন পেঞ্চন নীতি( এন পি এছ )বাতিল কৰি অ পি এছ পুূন: প্ৰবৰ্তন ৰ দাবীত সমস্ত ৰাজ্যতে এন পি এছ কৰ্মচাৰী সকলে আজিৰ পৰা দুদিনীয়া কৰ্মবিৰতিৰ পালন কৰাৰ ঘোষণা কৰাৰ সমান্তৰালকে ৰহা আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতিয়ো কৰ্মবিৰতি পালন কৰি আজি ৰ পৰা দুদিনীয়া কৰ্মবিৰতি আৰম্ভ কৰে।আজি ৰহাতো চৰকাৰী এন পি এছ কৰ্মচাৰী আৰু শিক্ষক সমাজে নিজ নিজ কাৰ্যালয়,বিদ্যালয়,মহাবিদ্যালয় ত কৰ্মবিৰতি পালন কৰি পুৰনি পেঞ্চন নীতি (অ পি এছ) পুন:প্ৰবৰ্তন কৰি কৰ্মচাৰী সকলৰ অৱসৰী জীৱনৰ সুৰক্ষা সুনিশ্চিত কপাৰ দাবী জনাই।