ঢকুৱাখনা কৃষি বিভাগৰ আজৱ কাণ্ড। বীজ যোগান ধৰা ৬মাহৰ পিছতো গছত নালাগিল গুটি। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক।

ঢকুৱাখনা কৃষি বিভাগৰ আজৱ কাণ্ডত পানীৰ হাঁহ নধৰা অৱস্থা হৈছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ এখন গাঁৱৰ কৃষক ।।কাৰণ কৃষি বিভাগে যোগান ধৰা বীজ ৬মাহৰ পিছতো গছত নালাগিল গুটি ।এই ঘটনাৰ সংঘটিত হৈছে বর্ষা মুখ পঞ্চায়তৰ বামগাঁওত ।তথ্য অনুসৰি ফাগুন মাহত অঞ্চলটোৰ ২৫জন কৃষকক কৃষি বিভাগে ৫কুইণ্টেল বড়োধানৰ বীজ দিছিল আৰু প্ৰত্যেকেই খেতি কৰিছিল।

অঞ্চলটোত বানপানীৰ বাবে অন্য ধানৰ খেতি নোহোৱাত কঠোৰ পৰিশ্ৰমেৰে প্ৰতি জন কৃষকে ৫-৬ বিঘাকৈ নিজা মাটিত হাল কোৰ মাৰি সাৰ, ঔষধ তথা পানী যোগান ধৰি কৰিছিল বড়োধানৰ খেতি কিন্তু ৬মাহ অতিক্ৰম কৰাৰ পিছতো গছত নালাগিল গুটি।

যাৰ বাবে এতিয়া কৃষক সকলৰ হাঁহ নছৰা অৱস্থা হৈছে।কেনেকৈ পৰিয়াল পোহ পাল দিব তাৰে চিন্তাত পৰিছে এই সকল কৃষক।সেয়েহে এতিয়া এইসকল কৃষকে উক্ত খেতি সমূহ হাল বাই অন্য খেতি কৰিছে যদিও সুফল পোৱা নাই কৃষকে।

যাৰ বাবে কৃষকসকলে ধান গৰুক খুৱাই দিবলগীয়া অৱস্থা হৈছে।

সেয়েহে কৃষকলক কৃষি বিভাগে ক্ষতিপূৰণ প্ৰদান কৰি ,মুখ্যমন্ত্ৰী তথা কৃষি মন্ত্ৰীক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে কৃষকসকলে।।