মঙলদৈ বৃহত্তৰ ৰঙামাটি অঞ্চলত বান পানী কমিছে যদিও দুৰ্দশা কমা নাই বানাক্ৰান্তৰ মাজত।
ননৈ, নোৱা আৰু শাক তোলা নৈৰ বাঢ়নী পানীয়ে বান পৰিস্থিতি ভয়াবহ কৰি সমগ্ৰ ৰঙামাটি অঞ্চলটোক স্তব্ধ কৰি তুলিছিল। এতিয়া বান পানী কমিছে যদিও খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে বন্যাতৰ সকল। আজি বেংক অৱ বৰোদা গুৱাহাটীস্থিত প্ৰাধিকাৰী সংস্থাটোৱে বৃহত্তৰ ৰঙামাটি মৌজাৰ কেওতপাৰা গাঁৱৰ প্ৰায় ২৫০ টা পৰিয়ালক চাউল, মিঠাতেল, চাবোন, ফেনাইল, গাখীৰ, বিস্কুট আদিকে ধৰি কেতবোৰ সামগ্ৰী বিতৰন কৰাত সন্তোষ প্রকাশ কৰিছে বন্যাতসকলে।
বানত সৰ্বস্বান্ত হোৱা পৰিয়াল কেইটিক কৰা সাহায্যই বেংক অৱ বৰোদা প্ৰাধিকাৰী সংস্থাটোক মহানুভৱতাৰ পৰিচয় দিছে। " ফেডাৰেচন অফ বেংক অফ বৰোদা অফিচাৰছ নামৰ সংস্থাটোৰ
সভানেত্ৰী দেবজানী ঘোষ, সম্পাদক হিল্লোল দত্ত আৰু সহকাৰী সম্পাদক মনোজ কুমাৰ শৰ্মা সহ দহ জন বিষয়া থাকে উপস্থিত থাকে বান সাহাৰ্য বিতৰণ কাৰ্যসূচীত।