ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰিসীমা হ্ৰাস কৰি ৰহা পৌৰসভাৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখাক লৈ অসন্তুষ্ট হৈ পৰিছে ক্ৰীড়া সন্থাৰ লগতে ৰহাৰ বিভিন্ন দল সংগঠন,জ্যেষ্ঠ নাগৰিক আৰু ৰহাৰ ৰাইজ।
ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত শনিবাৰে বিয়লী ৩বজাৰ পৰা ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি অজিত সিং ডেকা ৰ সভাপতিত্বত আৰু সম্পাদক ধ্ৰুৱ পাতৰৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা বাৰ্ষিক সাধাৰণ সভাত সকলোবে অসন্তুষ্টী ব্যক্ত কৰি কয় যে যোবা ১৬ জুলাইত নগাঁও ক্ৰীড়া সন্থাই ৰহা আঞ্চলিক ক্ৰীড়া সন্থাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ লগতে ৰহাত জোঙালবলহু ক্ৰীড়া সন্থাৰ নামৰ আৰু এটা সন্থা গঠন কৰাৰ লগতে ১৯৮৮চনত স্থাপিত তথা বৃহতৰ ৰহাৰ ৩৪খন গাঁও ক সামৰি গঠিত ৰহা আঞ্চলিক ক্ৰীড়া সন্থাক ৩৪ খন গাঁও ৰ পৰা হ্ৰাস কৰি ৰহা পৌৰসভাৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখা কাৰ্য্যক সভাত উপস্থিত ৰহা ক্ৰীড়া সন্থাৰ প্ৰতিনিধি সকলৰ লগতে ৰহা আঞ্চলিক ছাত্ৰ সন্থা, তিবা ছাত্ৰ সন্থা, মানব অধিকাৰ সংগ্ৰাম সমিতি, জ্যেষ্ঠ নাগৰিক সহ বিভিন্ন দল সংগঠনৰ ৰ লগতে জ্যৈষ্ট নাগৰিক সহ ৰহাৰ ৰাইজে সভাত উপস্থিত নগাঁও ক্ৰীডা সন্থাৰ প্ৰতিনিধি সকলৰ আগত অসন্তুষ্টী ব্যক্ত কৰে আৰু এই কাৰ্য্যক কেতিয়াও মানি নোলোবাৰ হুকাৰ দিয়ে।লগতে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাই নগাঁও ক্ৰীড়া সন্থাক পত্ৰ যোগে দাবী সমূহ প্ৰেৰন কৰাৰ লগতে সভাত উপস্থিত নগাঁও ক্ৰীড়া সন্থাৰ প্ৰতিনিধি সকলক বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান জনাই।লগতে নগাঁও ক্ৰীড়া সন্থাৰ প্ৰতিনিধি সকলে ক্ৰীড়া সন্থাক বিষয়টো অবগত কৰিব বুলি অবগত কৰে।
সভাত ক্ৰীড়া সংগঠক তনু ৰাম কোঁৱৰ, আলমাচ উদ্দিন আহমেদ হাজৰিকা,জ্যেষ্ঠ নাগৰিক প্ৰভাত ভূঞা,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,ৰহা ক্ৰীড়া সন্থাৰ উপ সভাপতি ঘন নাথ, মাধব চন্দ্ৰ নাথ, ৰহা পৌৰসভা ৰ উপ পৌৰপতি অনিমা দাস,প্ৰাক্তন বেংক বিষয়া ডম্বৰুধৰ শৰ্মা, সদৌ অসম তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,মানব অধিকাৰ সংগ্ৰাম সমিতি মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি সহ ৰহা পৌৰ সভাৰ বাৰ্ড কমিচনাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, ক্ৰীড়া প্ৰেমী আৰু ৰহা ৰাইজ উপস্থিত থাকে।