ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়া সংগীতা শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । কাৰ্যসূচীত দেশভক্তিমূলক গীত-নৃত্য পৰিবেশন কৰা হয় ।

একেদৰে, চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস । বহুকেইগৰাকী গন্য-মান্য ব্যক্তিৰ উপস্থিতিত মাহমৰা ৰাজহ চক্ৰ ইন্দিকা গগৈয়ে পতাকা উত্তোলন কৰে ।