সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰ স্বাধীনতা দিৱস পালন

দেশৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰি ৰাজহুৱা খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত পলাশ আহোমে। অনুষ্ঠানত বিগত বৰ্ষত উল্লেখযোগ্য অৱদান আগবঢ়াই জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকী ব্যক্তি, খেলুৱৈ আদিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখৰ বিভিন্ন সাংস্কৃতিক দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে।