তিনি বৰনীয়া জাতীয় পতাকা নীল আকাশত নাচে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত স্থায়ী ৰূপত উৰিল সুউচ্চ ৰাষ্ট্ৰীয় পতাকা । উত্তোলন কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অনুষ্ঠানত উপস্থিত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ণ আয়ুক্ত জিতু কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়া ইত্যাদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি । 

কাৰ্যসূচীত অংশগ্ৰহন কৰি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সকলোকে নিজ নিজ ঘৰত একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰ হৰ-ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ আহ্বান জনাই ।

 ৰামেশ্বৰ তেলী

 ইফালে, কাইলৈ নিৰ্বাচন হলেও নিৰ্বাচন খেলিবলৈ ভাৰতীয় জনতা পাৰ্টী সাজু বুলি আগন্তুক লোকসভা নিৰ্বাচন প্ৰসংগত মন্তব্য প্ৰদান কৰে তেলীয়ে । দলৰ কৰ্মকৰ্তাসকলে দিনে-নিশাই কাম কাম কৰি আছে । অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসন পাবলৈ সক্ষম হব