নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী আছুৰ।

চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক শাস্তি বিহাৰ দাবী সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ। ধনৰ বিনিময়ত নিযুক্তিৰ অভিযোগত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ গাণনিক অমৃত গগৈক যোৱা ৩ আগষ্টত আটক কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে সোণাৰি আৰক্ষীয়ে। আনহাতে এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতেই অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকে ৯৩ জনীয়া এক তালিকা প্ৰকাশ কৰি তালিকাভুক্ত কৰ্মচাৰীসকলক ১২ আগষ্টৰ ভিতৰত নথি-পত্ৰ পৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে জোঁকাৰণি তুলিছে সচেতন মহলত। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোত ৰাজনৈতিক হস্তক্ষেপ অবিহনে যাতে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষী ব্যক্তিক চিনাক্ত কৰি কঠোৰতম শাস্তি বিহা তাৰ দাবী উত্থাপন কৰিছে চৰাইদেউ জিলা ছাত্ৰ সন্থাই।