বিশিষ্ট সমাজকৰ্মী, সফল ব্যৱসায়ী, মুঙ্গীলাল আগৰৱালাৰ স্মৃতিত পুথিভঁৰাল পৰিচালনা সমিতি আৰু স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ২০১৮ বৰ্ষৰ পৰা অঞ্চলটোৰ নিম্ন আয়ৰ পৰিয়ালৰ মেধাবী শিক্ষার্থীলৈ এককালীন জলপাণি প্রদান কৰি অহা হৈছে । এইবাৰো প্রয়াত আগৰৱালাদেৱৰ সপ্তম মৃত্যু বার্ষিকীত আজি ৰাজহুৱা স্মৃতিচাৰণৰ লগতে দুগৰাকী নিম্ন আয়ৰ পৰিয়ালৰ মেধাবী শিক্ষার্থী ক্ৰমে খোৱাং ৰাংচালি গাঁৱৰ মন্টু ভূমিজ আৰু মৰাণ তিলৈবাৰী বঙালী গাঁৱৰ ৰ’জী ভট্টৰায়ক স্মাৰক বঁটা আৰু জলপাণি প্ৰদান কৰা হয় ।

এই উদ্দেশ্যে মৰাণৰ লায়ন মুঙ্গীলাল আগৰৱালা সোঁৱৰণী ভৱনত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংগীতা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে দেউকী নন্দন আগৰৱালা, সমাজকৰ্মী সঞ্জীৱ বৰুৱা, সমাজকৰ্মী সত্যনাৰায়ণ আগৰৱালা, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ, বিশিষ্ট সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনুপজ্যোতি ভূঞাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি । অনুষ্ঠানত মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াক ভাৰতীয় সংগীত নাটক একাডেমী, নতুন দিল্লীৰ মনোনীত হোৱাৰ বাবে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়