উত্তৰ প্ৰদেশৰ ইটা জিলাৰ এগৰাকী মহিলাই নিজৰ মৃত পিতৃৰ পত্নীৰ অভিনয় কৰি ১০ বছৰৰ ভিতৰত ১২ লাখ টকাৰ পেঞ্চন উলিয়াবলৈ সক্ষম হয়। মহছিনা পাৰৱেজ নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মহিলাগৰাকীৰ স্বামীয়ে দাখিল কৰা এজাহাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীৰ এই ব্যৱস্থা। জানিব পৰা মতে, স্বামীয়ে এই জালিয়াতিৰ কথা জানিছিল আৰু দম্পতীহালৰ মাজত কাজিয়া হোৱাৰ পিছত এজাহাৰ দাখিল কৰিছিল।

আলিগঞ্জৰ বাসিন্দা বিজৰাট উল্লা খানে ১৯৮৭ চনৰ ৩০ নৱেম্বৰত লেখপাল (চাৰ্ভেয়ৰ) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।২০১৩ চনৰ ২ জানুৱাৰীত তেওঁৰ পত্নী সৱিয়া বেগমৰ ইতিমধ্যে মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ পিছত কন্যা মহছিনা পাৰৱেজে নিজকে পিতৃৰ পত্নী হিচাপে উপস্থাপন কৰিবলৈ নথি-পত্ৰ ৰচনা কৰি পেঞ্চনৰ সুবিধা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ১০ বছৰৰ ভিতৰত ১২ লাখ টকা পেঞ্চন উলিয়াবলৈ সক্ষম হয় মহছিনাই।খবৰ অনুসৰি এই প্ৰৱঞ্চনাৰ বিষয়ে স্বামীয়ে জানিছিল।অৱশ্যে দম্পতীহালৰ মাজত কাজিয়া হোৱাৰ পিছত তেওঁ আৰক্ষীৰ কাষ চাপি পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে মহছিনাক। অধিক তদন্ত অব্যাহত আছে।