ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি উদযাপন কৰি থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশ স্বৰূপে অহা ১৩ৰ পৰা ১৫ আগষ্টলৈে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু এই বিষয়ে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে চৰাইদেউ জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। 

এই পদক্ষেপৰ অংশ স্বৰূপে সোণাৰিৰ ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত অহা অহা ১১ আগষ্টত জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহত ১০ৰ পৰা ১৬ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "হৰ ঘৰ তিৰংগা" শীৰ্ষক মূল বিষ়বস্তুৰ আধাৰত দিনৰ ১১ বজাৰ পৰা এঘণ্টাৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিখন বিদ্যালয়ে শ্ৰেষ্ঠ চিত্ৰাংকন বাছনি কৰি ১২ আগষ্টত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব আৰু বিশেষজ্ঞসকলৰ দ্বাৰা এই সমূহৰ মাজৰ পৰা তিনিখন শ্ৰেষ্ঠ চিত্ৰাংকন বাছনি কৰি সোণাৰি ৰাজহুৱা খেলপথাৰত অহা ১৫ আগষ্টত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত বিজয়ী প্ৰতিযোগী তিনিগৰাকীক সম্বৰ্ধনা জনোৱা হ'ব। "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহমৰাৰ ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগতো অহা ১১ আগষ্টত মৰাণহাট স্থিত নাট্য মন্দিৰত দিনৰ ১০ বজাৰ পৰা ১০ৰ পৰা ১৬ বছৰৰ লৰা-ছোৱালীৰ মাজত শ্লোগান লিখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই শ্লোগান প্ৰতিযোগিতাৰ মূল বিষয় (Theme) হৈছে "হৰ ঘৰ তিৰংগা"। ইফালে, সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত অহা ১০ আগষ্টত জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহত ১০ৰ পৰা ১৬ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "হৰ ঘৰ তিৰংগা" শীৰ্ষক মূল বিষ়বস্তুৰ আধাৰত দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিখন বিদ্যালয়ৰ পৰা একোখনকৈ শ্ৰেষ্ঠ ৰচনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ১১ আগষ্টত দিনৰ ১১ বজাৰ ভিতৰত জমা দিব লাগিব। শ্ৰেষ্ঠ প্ৰতিযোগীসকলক সোণাৰি ৰাজহুৱা খেলপথাৰত অহা ১৫ আগষ্টত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা হ'ব।