২০১৪ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে সংসদৰ অনাস্থা প্ৰস্তাৱত বলিষ্ঠ ভাষণেৰে দৃষ্টি আকর্ষণ কৰিছে সকলোৰে। 

মণিপুৰক লৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ সময়ছোৱাত সদনত সাংসদগৰাকীৰ বলিষ্ঠ কণ্ঠই ব্যাপক চৰ্চা লাভ কৰিছে অসমৰ সামাজিক মাধ্যমত। বিষয়টোৰ বাবে লাভ কৰা মাত্ৰ ডেৰ ঘন্টা সময়তে সাংসদগৰাকীয়ে অতি সুন্দৰকৈ নিজৰ মত উপস্থাপন কৰে। 

সাধাৰণতে অসমৰ সাংসদৰ হিন্দী দুৰ্বল বুলি সমালোচনা হয় যদিও এইক্ষেত্ৰতো গৌৰৱ গগৈ ব্যতিক্রম। সাৱলীল হিন্দীৰে সদনৰ বিতৰ্কত ভাগ লোৱা গৌৰৱ গগৈয়ে মণিপুৰৰ বিষয়টোক লৈ সদনত লোৱা বলিষ্ঠ ভূমিকাক প্ৰশংসা কৰিছে বহুজনে। 

অসমৰ সাংসদৰ নীৰৱতাই প্ৰায়ে ৰাইজক ক্ষুব্ধ কৰা সময়চোৱাত কলিয়াবৰৰ সাংসদগৰাকীয়ে সদনত লোৱা স্থিতিক সামাজিক মাধ্যমত শলাগিছে বহুজনে।