কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীক ফ্লায়িং কিছ দিয়াক লৈ উত্তপ্ত সদন। ৰাহুল গান্ধীক নাৰী বিদ্বেষী ব্যক্তি আখ্যা স্মৃতি ইৰাণীৰ। কেৱল নাৰী বিদ্বেষী লোকেহে এনে আচৰণ কৰিব পাৰে। দেশৰ সংসদৰ ইতিহাসত এনে আচৰণ কোনেও কৰা নাই। গান্ধী পৰিয়ালৰ লোকেহে এনে আচৰণ কৰিব পাৰে বুলি কয় কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে।