মৰাণত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী আৰু মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক নিযুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদ । মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । কাৰ্যসূচীত মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ছফিকুল ৰহমান, কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিৎ বৰুৱা, মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক পৱন চাংমাই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি চিৰঞ্জিত শইকীয়া, কাৰ্যকৰী সভাপতি নৱ কুমাৰ নেৱাৰ আৰু সম্পাদক উদ্দিপ্ত গগৈ উপস্থিত থাকে ।