মৰাণত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা দালালৰ ।
মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল ভূক্তভোগী লোকৰ । মৰাণৰ দেৱজিৎ দত্ত আৰু ৰাজীৱ কুমাৰ মহত্বৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ ।
মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ মুঠ ৮ জন নিবনুৱা যুৱকৰ পৰা অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰে মুঠ ২,৫০,০০০ টকা ।
মৰাণৰ দেৱজিৎ দত্ত ওৰফে বি দত্ত নামৰ লোকজনে বিপ্লৱ হালদাৰ নামৰ লোক এজনৰ জৰিয়তে নিবনুৱা যুৱককেইজনক লগ ধৰি ৰাজীৱ কুমাৰ মহত্বৱে চাকৰি দিব পাৰিব বুলি প্ৰলোভন দিয়ে । ইয়াৰ পিছতে বিগত বৰ্ষৰ ২১ অক্টোবৰত এখন দলিলত চুক্তিবদ্ধ হৈ ২,৫০,০০০ টকা লৈ যায় দালাল দেৱজিৎ দত্ত আৰু ৰাজীৱ কুমাৰ মহত্বই । ইয়াৰ ১০ দিন পিছতে যুৱককেইজনক একোখনকৈ Employee Card দিয়ে আৰু কেইদিনমান পিছত এক সম্বৰ্ধনা অনুষ্ঠানত Appointmenr Latter দিয়া হব বুলি অৱগত কৰে । কিন্তু ইয়াৰ পিছত চাকৰিৰ কোনো খৱৰ নোপোৱাত Employee Card খন অইল কৰ্তৃপক্ষক দেখুওৱাত এইয়া সম্পূৰ্ণ ভূৱা বুলি ধৰা পৰে । তেতিয়াৰে পৰা ভূক্তভোগীসকলে মোবাইলৰ দ্বাৰা যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই দেৱজিৎ দত্ত ওৰফে বি দত্তক । একপ্ৰকাৰ পলায়ন কৰা অৱগত কৰিছে ভূক্তভোগী লোককেইজনে ।
ইফালে, নিবনুৱা যুৱককেইজনক ধাৰ-ঋণ কৰি চাকৰিৰ বাবে দিয়া ধন ঘূৰাই দিবলগীয়া হৈছে বিপ্লৱ হালদাৰে । অৱশেষত আজি মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰৱঞ্চক দেৱজিৎ দত্ত আৰু ৰাজীৱ কুমাৰ মহত্বৰ বিৰুদ্ধে ।
উল্লেখ্য যে, সমাজকৰ্মী, সংবাদকৰ্মী, লিখক, পৰ্টেল নিউজৰ স্বত্তাধিকাৰী হিচাপে পৰিচিত মৰাণৰ ৰাজীৱ কুমাৰ মহত্বই কেইবাবছৰ পূৰ্বে চাকৰিৰ নামত ধন লোৱা বুলি এটা ভাইৰেল ভিডিঅত প্ৰকাশ হৈছিল । ভিডিঅটোত ৰাজীৱ কুমাৰ মহত্বই বহু নিবনুৱাৰ পৰা কোটি টকা সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছিল ।