৭৫তম স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা আৰক্ষীৰ যান বাহনত তালাচী।ঢকুৱাখনাৰ মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰজ্যোতি ভূঞা আৰু উপ পৰিদৰ্শক দীনেশ মেধিৰ নেতৃত্বত ঢকুৱাখনাৰ নগৰ চাৰীয়ালীত সোমবাৰে এই তালাচী অভিযান চলাই।
প্ৰতিখন চাৰি চকীয়া আৰু দুচকীয়া বাহন তন্ন তন্নকৈ তালাচী কৰে যাতে আগন্তুক স্বাধীনতা দিৱসত কোনোধৰণৰ উগ্ৰপন্থী সংগঠনে ঢকুৱাখনাত কুটাঘাট মূলক কাৰ্য সংগঠিত কৰিব নোৱাৰে তাৰ বাবে তীব্ৰ নজৰ ৰখাৰ ব্যবস্থা কৰা হয়।
তাৰোপৰি কোনোলোকৰ ঘৰত বা ৰাজহুৱা স্থানত সন্দেহ জনক ব্যক্তি দেখা পালে লগে লগে আৰক্ষীক খবৰ দিবলৈ ৰাইজক আহ্বান জনায়।