অসমীয়া যুৱ মঞ্চ, মৰাণ আঞ্চলিক সমিতি আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ উদ্যোগত মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মূখত অৱস্থান ধৰ্মঘট ।

বৃহত্তৰ মৰাণ অঞ্চলৰ জনসাধাৰণৰ অন্যতম প্ৰাণ কেন্দ্ৰ মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ নাটনিৰ বাবে জৰুৰীকালীন সেৱা বন্ধ কৰিছে স্বাস্থ্য বিভাগে । ১৯০৫ চনতে স্থাপিত মৰাণ ৰাজ্যিক চিকিৎসালয়ত দৈনিক তিনিশৰো অধিক ৰোগীৰ সমাগম ঘটে কিন্তু আশ্চৰ্য্যজনক যে চিকিৎসালয়খনত কেৱল এগৰাকী হোমিঅপেথিক চিকিৎসকহে অস্থায়ী ভিত্তিত নিযুক্ত হৈ আছে । ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত চিকিৎসকক সপ্তাহত এদিন বা দুদিনকৈ ৰোগী চোৱাৰ ব্যৱস্থা কৰি দিছে যদিও ১ আগষ্টৰ পৰা নিশাৰ ভাগত সকলো সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বিয়লি ২ বজাৰ পিচত কেৱল অত্যাৱশ্যকীয় প্ৰসৱ সেৱাহে উপলব্ধ হ'ব । স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক আমি অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনোৱাৰ লগতে গৰিহনা প্ৰদান কৰিছে ।

ইফালে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু ডিব্ৰুগড় জিলা উপায়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে অসমীয়া যুৱ মঞ্চই । চিকিৎসালয়খনত পর্যাপ্ত চিকিৎসক নিযুক্তি দি চিকিসালয়খনক কার্যক্ষম কৰি তোলা, ঐতিহ্যমণ্ডিত   চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক নিযুক্তি দি জৰুৰীকালীন সেৱা বাহাল ৰাখা, চিকিৎসালয়খনত ২৪ ঘণ্টা স্বাস্থ্য সেৱা বাহাল ৰখাৰ ব্যৱস্থা কৰা, মৰাণ ৰাজ্যিক চিকিৎসালয়খনক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰাৰ ব্যৱস্থা কৰি যাৱতীয় সুবিধা প্রদান কৰাৰ দাবী  জনাইছে প্ৰতিবাদকাৰীসকলে ।