শ্রমিক সকলৰ আৰ্থসামাজিক, শৈক্ষিক আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও বাগিছাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ প্রাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি অহা পৰিলক্ষিত হৈছে যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই । সেয়েহে শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে আটছাই । বাগিছাত চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নত মানৰ ব্যৱস্থা কৰা, বাগিছাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এখন নতুন স্থায়ী স্কুল বাছৰ ব্যৱস্থা কৰা, বাগিচাত খালি হৈ থকা পদসমূহত স্থানীয় শিক্ষিত নিবনুৱা নিযুক্তি দিয়া ইত্যাদি বিভিন্ন দাবী জনাই ২ ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে আটছা হিংৰিজান উপ-শাখাই ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা” চমুকৈ আটছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আট্ছা হিংৰিজান উপ-শাখাৰ উদ্যোগত হিংৰিজান চাহ বাগিচাত ধৰ্না কাৰ্যসূচী ৰূপায়ণ ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/08/nerity_da6c28e5f52e96e38121efda889413d6.jpg)