মঙ্গলদৈ ১ আগষ্ট ::দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত হয় । সভাত জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, কৃষি, ভূমি সংৰক্ষণ, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, উদ্যোগ আৰু বাণিজ্য আদি বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ কামকাজৰ পৰ্যালোচনা কৰা হয়। ইয়াৰোপৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্বনৰ জৰিয়তে নিজৰ বিভাগৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে । জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন বিভাগৰ চৰকাৰী আঁচনি সমূহৰ সুফল যাতে জনসাধাৰণে সময় অনুসৰি লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়ে।  উল্লেখ্য যে সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্তসকল আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।

#Darrang Mangaldai #Districtadministrationdarrang