মৰাণ দৈনিক বজাৰত মাছ অনা থাৰ্মুকলৰ কাৰ্টুনৰ জমা হোৱা জাৱৰৰ পৰা দূৰ্ঘটনাৰ আশংকা । পৰিবেশ বিনস্ত হোৱাৰ লগতে যিকোনো মূহুৰ্ততে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা । দৈনিক বজাৰৰ ব্যৱসায়ীসকলে মাছ অনা কাৰ্টুনসমূহ বজাৰৰ কাষতে পেলাই দিয়াত বৃহৎ জাৱৰৰ পৰিবেশ সৃষ্টি হৈছে । এজনক দেখি আন এজনেও পেলাই গৈছে এই স্থানসমূহত জাৱৰ । যাৰ বাবে পৰিবেশ বিনস্ত হোৱাৰ লগতে বিয়পি পৰিছে দুৰ্গন্ধ । আনহাতে, থাৰ্মুকলৰ কাৰ্টুনসমূহত অগ্নি সংযোগ হলে ভয়াবহ কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে । ইতিমধ্যে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত ভাৱে জনোৱাৰ লগতে মৰাণ আৰক্ষী থানাটো লিখিতভাৱে অভিযোগ দাখিল কৰিছে মৰাণ দৈনিক বজাৰৰ কমিটিয়ে । ইয়াৰ পিছতে জাৱৰৰ গোট খোৱা স্থানসমূহ পৰিদৰ্শন কৰিছে মৰাণ আৰক্ষীয়ে । আনহাতে জাৱৰ-জোথৰ অথৱা থাৰ্মুকলৰ কাৰ্টুনৰ পৰা সৃষ্টি হোৱা পৰিবেশ আতৰাবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে মৰাণ দৈনিক বজাৰ কমিটিয়ে । আনহাতে, পূৰ্বতেও দৈনিক বজাৰত কেইবাবাৰো অগ্নিকাণ্ড সংঘটিত হৈ বৃহৎ ক্ষতি হোৱাৰ পিছতো শিক্ষা লোৱা নাই ব্যৱসায়ীসকলে । এতিয়াও বিবেকহীন ভাৱে পেলাইছে জাৱৰ - জোথৰ ।