কৰ্ণাটকৰ চিনি চেট্টীয়ে অৰ্জন কৰিছে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ ৰ খিতাপ। মুম্বাইৰ জিঅ' কনভেনচন চেণ্টাৰত আয়োজিত অনুষ্ঠানত ২১ বছৰীয়া যুৱতীগৰাকীক তেলেংগানাৰ মিছ ইণ্ডিয়া ২০২০, মানসা বাৰাণসীয়ে মুকুট পিন্ধায়।
বলীউডৰ অভিনেতা ডিনো মৰিয়া, নেহা ধুপিয়া আৰু মালাইকা অৰোৰা, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কৰিঅ’গ্ৰাফাৰ চিয়ামাক দাভাৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ জুৰী পেনেলৰ অংশ থকা প্ৰতিযোগিতাখন বিজয়ী হয় চিনি চেট্টী।
ইফালে, প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ-আপ হয় ৰাজস্থানৰ ৰুবাল শ্বেখাৱত আৰু উত্তৰ প্ৰদেশৰ শিনাতা চৌহান দ্বিতীয় ৰানাৰ-আপ হিচাপে মনোনীত হয়।