অৱশেষত মুকলি আকাশৰ তললৈ আহিল প্ৰায় দুমাহৰো অধিক সময় কাৰাগাৰত বন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে ১৯ বছৰীয়া ছাত্ৰীগৰাকীক।
উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰাৰ সময়ত চৰকাৰী পক্ষৰ পৰা কোনো আপত্তি নকৰাত বৰ্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰে।
উল্লেখ্য যে, যোৱা ১৮ মে’ৰ দিনা বিদ্ৰোহী কবিতাৰে ফেইচবুক প’ষ্ট দি গ্ৰেপ্তাৰ হৈছিল টীয়কৰ জাঁজী নদীৰ পাৰৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। ৰাষ্ট্ৰদ্ৰোহ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰীগৰাকীক।
এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কিছু নৰমস্থিতি গ্ৰহণ কৰাৰ বাবেই বৰ্ষাশ্ৰী মুকলি আকাশৰ তললৈ অহা বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে।