নাজিৰা মহকুমাধীপতি কাৰ্যালয়ৰ সভাকক্ষ্যত মহকুমাধীপতি সাব্যসাচি কাশ্যপৰ সভাপতিত্বত নাজিৰা মহকুমাৰ চাহ বাগিচা সমুহৰ প্ৰতিনিধি, চৰকাৰী -বেচৰকাৰী দুৰসংযোগ বিভাগ, ইটা ভাটা মালিক সন্থা, স্টন ক্ৰেছাৰ মালিক সন্থা, নাজিৰা আৰু শিমলুগুৰি ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি সৈতে এখনি সভা অনুষ্ঠিত হয়।
মহকুমাধীপতি সাব্যসাচি কাশ্যপে উপস্থিত সকলোকে নিজ নিজ এলেকাত ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে একোখনকৈ জাতীয় পতাকা উৰুৱাই ৰখাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে লগতে যি সকলৰ পতাকা কিনিবলৈ সামৰ্থ নাই সেই সকলক নিজাববীয়াকৈ ক্ৰয় কৰি প্ৰদান কৰিবলৈ আহ্বান জনায়।