সোণাৰিত অসম চাহ মজদুৰ সংঘৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

সোণাৰিত অসম চাহ মজদুৰ সংঘৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

অসম চাহ মজদুৰ সংঘৰ টিয়ক বাগিচা শাখা সমিতিৰ উদ্যোগত অসম চাহ মজদুৰ সংঘৰ ৬৫ তম প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। এচিয়া মহাদেশৰ সর্ববৃহৎ শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘই আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। সমগ্ৰ অসমৰ লগতে টিয়ক চাহ বাগিচাত সংঘৰ প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। পুৱা ৮.৩০ বজাত সংঘৰ পতাকা উত্তোলন কৰে টিয়ক চাহ বাগিচা শাখাৰ সভাপতি দাতাৰাম চাহু । বন্তি প্ৰজ্বলন কৰে বাগিচাৰ প্ৰধান পৰিচালক বিশ্বজিৎ চেতিয়া।

ইয়াৰ পিছত বাগিচাৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত সংঘ আৰু চাহ শ্ৰমিকৰ বিভিন্ন বিষয়ৰ ওপৰত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢ়োৱা হয়। শাখা সংঘৰ সভাপতি দাতাৰাম চাহু , সম্পাদক সুচিল তাচা, বাগিচাৰ সহ পৰিচালক বাসৱ দুৱাৰা , বিভিন্ন চাহ বাগিচাৰ প্ৰায় ২ শতাধিক চাহ শ্ৰমিক উপস্থিত থাকে।