শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি (ৰহাৰ) মোলানকটা শাখাৰ উদ্যোগত আজিৰ পৰা সাতদিনীয়া তিৱা গীত নৃত্য, অসমীয়া চিৰসেউজ গীত নৃত্য, চিত্ৰকলা আৰু কবিতা আবৃত্তি ৰ কৰ্মশালা ৰ শুভাৰম্ভ মোলানকটা ঔগুৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ত হয়।

   এই উপলক্ষে আৰম্ভণি অনুষ্ঠানত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া, প্ৰধান সম্পাদক ৰন্টু মুদৈ, প্ৰাক্তন আৰু নেতা বিৰিঞ্চি ভূঞা,সাংস্কৃতিক কৰ্মী ৰাম মন্টু পাতৰ,ভাস্কৰ পাতৰ সহ মোলানকটা শাখাৰ সদস্য সদস্যা,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।