জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা নগাঁও জিলাৰ কামপুৰৰ এজন যুৱকৰ মৃত্যু ঘটিছে। 

এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজনক কপিল লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

বিগত এসপ্তাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কপিলৰ বুধবাৰে নিশা মৃত্যু হয়।

উল্লেখ্যে যে জাপানীজ এনকেফেলাইটিছে ভয়ংকৰ ৰূপ ধাৰণ কৰা অসমত বুধবাৰলৈকে ৩৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ উপৰি, বুধবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ২২৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে।