ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ জোন গাঁৱত প্ৰায় দহদিন ধৰি বানপানীত আৱদ্ধহৈআছে গাঁও বাসী।বুঢ়ী দিহিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে হালধিবাৰী পঞ্চায়তৰ অন্তৰ্গত জোন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল।মিচিং জনগোষ্ঠী লোকৰ বসতিস্থল হিচাবে পৰিচিত অঞ্চলটো বানত গৃহহাৰা অঞ্চল বাসী। পথ-পথাৰ পানীৰ তলত। যাতায়ত তথা যোগাযোগ বিছিন্ন হৈ পৰিছে। খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।