মৰাণত সম্ভ্ৰান্ত লোকৰ নিৰ্লজ্ব কাণ্ড । গাড়ী ধোৱা 'car washing center' ত গাড়ী ধুবলৈ আহি চুৰি কৰিলে প্ৰতিষ্ঠানখনৰ নগদ ধন । চিচি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে । ইতিমধ্যে, car washing center ৰ স্বত্তাধিকাৰী ৰাজিৱ গগৈ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে ।

মৰাণ নতুন নগৰস্থিত GANAPATI CAR WASH ত সংঘটিত হয় এই চুৰিকাণ্ড । গ্ৰাহকজনে ধুবলৈ অনা AS 06 AG 6188 নম্বৰৰ Beleno গাড়ীখনো বন্দী হৈছে চিচি কেমেৰাত ।