গোলাঘাটত ৪খন পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ। পানীৰ অপচয় নকৰি চৰকাৰী আঁচনিক নিজৰ সম্পদ বুলি ভাবিবলৈ আহ্বান বিত্তমন্ত্ৰীৰ।বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি জল জীৱন অভিযানৰ অধীনত গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ অন্তৰ্গত গোলাঘাট পঞ্চায়তত ৩ খন আৰু কলিয়াপানী পঞ্চায়তত এখন পানী যোগান আঁচনি উদ্বোধন কৰে। তেওঁ গোলাঘাট পঞ্চায়তৰ লেকেতাচুক, তৰফাৎ আহোম গাঁও আৰু সোণাৰী গাঁও আৰু কলিয়াপানী পঞ্চায়তৰ কপহুৱাটিং বাগান পানী যোগান আঁচনি কেইখনৰ শুভাৰম্ভ কৰে। এই আটাইকেইখন পানী যোগান আঁচনিৰ দ্বাৰা ৭০০ ৰো অধিক পৰিয়ালে নলযোগে পানী লাভ কৰিব। ১ কোটি ২০ লাখ টকা ব্যয়েৰে ৰূপায়ণ কৰা লেকেতাচুক পানী যোগান আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে জল জীৱন অভিযান আঁচনিখন চৰকাৰে ৰূপায়ণ কৰিছে। এই অভিযানৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিসমূহৰ সফলতা তথা ই কিমান দীৰ্ঘস্থায়ী হয় সেয়া উপভোক্তা সমিতি আৰু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিটো পৰিয়ালেই এই আঁচনিখনক ৰাইজৰ আঁচনি বুলি ভাবিব লাগিব বুলি মত প্ৰকাশ কৰি তেওঁ পানীৰ অপচয় নকৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ লগতে পানী সমিতিসমূহক প্ৰতি ১৫ দিন বা এমাহৰ মূৰে মূৰে পানীৰ মান আৰু প্ৰতিটো পৰিয়ালে পানী পাইছে নে নাই, বিদ্যুৎ মাচুল গাঁও পঞ্চায়তসমূহে সময়মতে আদায় দি আছেনে নাই তাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এটা অঞ্চলে ৪ খনকৈ পানী যোগান আঁচনি লাভ কৰিছে, এই আঁচনিসমূহ যাতে ধ্বংস হৈ নাযায় সেয়া সুনিশ্চিত কৰাটো ৰাইজৰ দায়িত্ব। ৰাজহুৱা সম্পদ এটাক নিজৰ বুলি ভাবিলে নিশ্চিতভাৱে আঁচনিসমূহ দীৰ্ঘম্যাদী হ'ব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে লেকেতাচুক পানী যোগান আঁচনিখনৰ দ্বাৰা অঞ্চলটোৰ ১৫০ ঘৰ মানুহ উপকৃত হ'ব। ইয়াৰ পিছতেই তেওঁ ১ কোটি ৩৩ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা তৰফাৎ আহোম গাঁও পানী যোগান আঁচনিখন মুকলি কৰে। এই আঁচনিখনৰ দ্বাৰা আহোম চুক, মেম্বৰ চুক, গোহাঁই চুক আৰু সোণাৰী চুক অঞ্চলৰ ১৯৯ টা পৰিয়ালে পানী লাভ কৰিব। আনহাতে, ১ কোটি ২২ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সোণাৰীগাঁও পানী যোগান আঁচনিখনৰ দ্বাৰা সোণাৰী চুক অঞ্চলৰ ১৬০ টা পৰিয়ালে পানী লাভ কৰিব। একেদৰে, ১ কোটি ২৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কপহুৱাটিং বাগান পানী যোগান আচঁনিখনৰ দ্বাৰা ২০৫ টা পৰিয়ালে নলযোগে পানী লাভ কৰিব। আজিৰ অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিঅৰ ৰহমান, পদুমণি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি বৰা সন্দিকৈ, গোলাঘাট পঞ্চায়তৰ সভাপতি, পানী সমিতিৰ বিষয়ববীয়াসকল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निरीक्षक सुशील कुमार अहिरवार ने संभाला गुनौर थाना का प्रभार थाना प्रभारी ने कहा शांति व्यवस्था बनाए रखना पहली प्राथमिकता
गुनौर : निरीक्षक सुशील कुमार अहिरवार का बीते दिनों सिमरिया से...
અમારું દરિયાપુર શિક્ષિત દરિયાપુર
અમારું દરિયાપુર શિક્ષિત દરિયાપુર ના નારા હેઠળ ધારાસભ્ય ગ્યાસુદ્દીન શેખ શિક્ષણનો વ્યાપ વધે તેના...
વહેલી સવારે પંખીઓનો આ નવો વિડીયો જોઈને તમારી સવાર થઈ જશે મસ્ત..
વહેલી સવારે પંખીઓનો આ નવો વિડીયો જોઈને તમારી સવાર થઈ જશે મસ્ત..
BJP fields young face, Dr. Payal Kukrani for the Naroda constituency targeting the youth, Ahmedabad
BJP fields young face, Dr. Payal Kukrani for the Naroda constituency targeting the youth, Ahmedabad
World Cup 2023 में इंजरी की टेंशन!। ODI Series 2023 | India vs Australia | The Cricket Show
World Cup 2023 में इंजरी की टेंशन!। ODI Series 2023 | India vs Australia | The Cricket Show