গোলাঘাট জিলাৰ নৱনিযুক্ত গাঁও প্ৰধানসকলৰ চিনাকি পৰ্ব সম্পন্ন।কোনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সজাগ হ'বলৈ গাঁও প্ৰধানসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ।গোলাঘাট জিলা গাঁও প্ৰধান সমিতিৰ উদ্যোগত আজি গোলাঘাট নগৰৰ এমেচাৰ প্ৰেক্ষাগৃহত নৱনিযুক্ত ৮৫ গৰাকী গাঁও প্ৰধানৰ চিনাকি পৰ্ব আৰু গাঁও প্ৰধানসকলৰ পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে নৱনিযুক্ত গাঁও প্ৰধানসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে সজাগ হ'বলৈ আহ্বান জনায়। পৰৱৰ্তী এমাহৰ ভিতৰত নৱনিযুক্ত গাঁও প্ৰধানসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এগৰাকী গাঁও প্ৰধান গাঁও এখনৰ মুৰব্বী। তেওঁ কয় যে পি এম কিষাণ, ই-কে ৱাই চি, আয়ুষ্মান কাৰ্ড আৰু জল জীৱন অভিযান আদি চৰকাৰী আঁচনিসমূহ ৰূপায়ণ তথা হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অহা ৩ মাহ সময় তেওঁ জিলাখনৰ গাঁওসমূহ পৰিদৰ্শন কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল'ব বুলি উল্লেখ কৰি গাঁও প্ৰধানসকলক নিজৰ গাঁওখনৰ সমস্যাসমূহ উলিয়াই তালিকাবদ্ধ কৰি তেওঁক অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দল-সংগঠন নিৰ্বিশেষে প্ৰতিজন যোগ্য হিতাধিকাৰী, অসহায় মহিলা আৰু বিশেষভাৱে সক্ষম লোক যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে গাঁও প্ৰধানসকলক সজাগ হ'বলৈ আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে লগতে এই অনুষ্ঠানতে অভিনন্দন জ্ঞাপন কৰা গাঁও প্ৰধানসকলৰ পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে লক্ষ্য সুদৃঢ় হ'ব লাগিব আৰু সৰুৰে পৰাই নিজৰ কেৰিয়াৰৰ প্ৰতি সজাগ হ'ব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। অনুষ্ঠানত অংশ লৈ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে কয় যে গাঁও প্ৰধানসকল একোখন ৰাজহ গাঁৱত উপায়ুক্তৰ প্ৰতিনিধি। তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ভালকৈ জনিলেহে নিজৰ ক্ষমতাৰ সুপ্ৰয়োগ কৰিব পাৰিব। সেয়েহে সম্পূৰ্ণ নিয়মৰ গণ্ডীত থাকি দলীয় মনোভাৱেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত সভাপতিত্ব কৰি বিশিষ্ট নিৱন্ধকাৰ চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে কয় যে গাঁও প্ৰধানসকল হ'ল জিলা প্ৰশাসনৰ চকু, কাণ আৰু নাক। গোলাঘাটৰ গৰিমা আৰু মৰ্যাদা অটুট ৰাখি কাম কৰি যাবলৈ তেওঁ গাঁও প্ৰধানসকলৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনপ্ৰাপক মাখনলাল বাঢ়ৈ, গোলাঘাট গাঁও প্ৰধান সমিতিৰ বিষয়ববীয়াসকল আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસના તમામ નેતાઓના પોસ્ટરો પર લગાવી કાળી શાહી, જગદીશ ઠાકોરના નિવેદનનો વિરોધ
કોંગ્રેસના તમામ નેતાઓના પોસ્ટરો પર લગાવી કાળી શાહી, જગદીશ ઠાકોરના નિવેદનનો વિરોધ#viralvideo...
মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত তিনি শতাধিক কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ কৰ্মীৰ বিজেপিত যোগদান
কংগ্ৰেছত অব্যাহত আছে খহনীয়া। কংগ্ৰেছ নেতৃত্বই দলৰ ভেটি শক্তিশালী কৰিবলৈ ন ন কৌশল অৱলম্বন...
ભાણવડ ટાઉનમાં ફિલ્મી ઢબે અર્ટીગા કારમાંથી દેશી દારૂ લીટર ૩૫૦/-કિ.રૂ.૭,૦૦૦/-તથા ભારતીય બનાવટના ઇંગ્લીશ દારૂ ની બોટલો નંગ-72 કિ.રૂ.૨૮,૮૦૦/- નો જથ્થો પકડી પાડતી ભાણવડ પોલીસ
દેવભુમી દ્વારકા પોલીસ અધિક્ષક શ્રી નીતેશ પાડે સાહેબની સુચના તેમજ નાયબ પોલીસ અધિક્ષક જામ ખંભાળીયા...
দুষ্টচক্ৰই খাৰুপেটীয়াত চলাইছে গাখীৰৰ নামত কলা ব্যৱসায়
গাখীৰৰ মূল্য বৃদ্ধি হোৱাৰ সময়তে একাংশ দুষ্টচক্ৰই খাৰুপেটীয়াত চলাই গৈছে গাখীৰৰ নামত কলা ব্যবসায়...