*দৰঙৰ এক আজৱ ঘটনা। নিযুক্তি পাইছিল চতুৰ্থ বৰ্গত, অৱসৰ ল’লে প্ৰধান শিক্ষক হিচাপে।*

দৰঙৰ এক আজৱ ঘটনা। নিযুক্তি পাইছিল চতুৰ্থ বৰ্গত, অৱসৰ ল’লে প্ৰধান শিক্ষক হিচাপে। দৰং জিলাৰ শিক্ষা বিভাগত আজব ঘটনা আহিছে পোহৰলৈ। *চতুৰ্থ বৰ্গৰ পৰা শিক্ষকলৈ পদোন্নতি এগৰাকী ব্যক্তিৰ।*

জানিব পৰা মতে দৰং জিলাৰ শিক্ষা বিভাগৰ তদানীন্তন বিষয়া যুগেন বৰাৰ সময়ত হৈছে এই আজব ৷ ( মহিলা গৰাকীয়ে byteত উল্লেখ কৰিছে যুগেন বৰাৰ নাম ) চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে প্ৰথমে নিযুক্তি লাভ কৰা কনক চন্দ্ৰ বৰা নামৰ এজন কৰ্মচাৰীয়ে পৰৱৰ্তী সময়ত ৰহস্যজনক ভাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি লৈ শেষত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহন কৰে।

এই আচৰিত ঘটনা পোহৰলৈ আহিছে দৰং জিলাত ৷ যি ঘটনা ঘটা নাই আগতে কেতিয়াও। 

কনক চন্দ্ৰ বৰা নামৰ ব্যক্তি গৰাকীয়ে ১-২-১৯৮৯ চনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে দৰঙৰ হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম চাকৰিত নিযুক্তি লাভ কৰিছিল ৷

সেই বিদ্যালয় খনতে দহ বছৰ নিয়োজিত হৈ অহাৰ পিছত ১৫–২–১৯৯৯ তাৰিখৰ বিভাগীয় বদলিৰ নিৰ্দেশ মৰ্মে হাজৰিকাপাৰা অঞ্চলৰে নেহৰু স্মৃতি বালিকা বিদ্যালয়ত কনক চন্দ্ৰ বৰাই ১৮–২–১৯৯৯ তাৰিখে বদলি হৈ যোগদান কৰে ৷

কিন্তু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত কৰ্মচাৰী গৰাকীয়ে ৰহস্যজনক ভাবে পূৰ্বৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ পৰা অব্যাহতি নোলোৱাকৈয়ে পুনৰ ২৬–১২–২০০০ তাৰিখৰ নিযুক্তি পত্ৰৰে ১–২–২০০১ তাৰিখে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে যোগদান কৰে ৷

সুদীৰ্ঘ প্ৰায় ১৯ বছৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি কনক চন্দ্ৰ বড়াই বিগত ৩১/১২/২০২০ চনত দৰঙৰ ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পিঠাখোৱা জনকল্যান প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহন কৰে ৷

*শিক্ষা বিভাগত কাহানিও নোহোৱা, নুশুনা ঘটনা, এজন ব্যক্তিয়ে দুটা পদবীত নিযুক্তি হৈ থকাৰ তথ্য কৰ্মচাৰী গৰাকীৰ চাৰ্ভিছ বুকত পোৱাত দৰং জিলাৰ শিক্ষা বিভাগৰ কাৰ্যালয়ো বিপাঙত পৰিছে ৷*

*চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নে প্ৰাথমিক বিদ্যালয় শিক্ষক হিচাপে পেঞ্চন লাভ কৰিব কৰ্মচাৰী গৰাকীয়ে সেই সিদ্ধান্ত শিক্ষা বিভাগৰ কাৰ্যালয়ে লব পৰা নাই ৷*

ইপিনে  চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীয়ে আগৰ পদটোৰ পৰা অব্যাহতি নোলোৱাকৈয়ে কাৰ আশীৰ্বাদত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত নিযুক্তি লাভ কৰি প্ৰধান শিক্ষক পদলৈ পদোন্নতি পালে সেয়া ডাঙৰ প্ৰশ্ন ৷

এই গৰাকী শিক্ষা বিভাগৰ দুটা পদত নিযুক্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনুজ পেগুৱে উচিত তদন্ত কৰি কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।