গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এক গোহাৰিত বিভাগে প্ৰকাশ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্টত বাণিজ্যিক উদ্দেশ্যৰে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাটো ৰন্ধন গেছ (যোগান আৰু বিতৰণৰ নিয়ামক) আদেশ, ২০০০ৰ অধীনত নিষিদ্ধ আৰু বেআইনী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয়। হোটেল, ৰেষ্টুৰেণ্টসমূহত ১৯ কিলোগ্ৰাম ওজনৰ নীলা ৰঙৰ বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ বিভাগে আহ্বান জনাইছে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ প্ৰমাণ পালে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। উল্লেখযোগ্য যে স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ অভিযোগৰ ভিত্তিত যোৱা ৪ জুলাইত গোলাঘাটৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে গোলাঘাট নগৰৰ কেইবাখনো ৰেষ্টুৰেণ্ট আৰু হোটেলত ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত গোলাঘাট নগৰৰ এখন হোটেলৰ পৰা ছটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુંબઈ ખાતે મીડિયા, હેલ્થકેર અને બોલીવુડ નું એવોર્ડ ફંકશન યોજાયું..
મુંબઈ ખાતે મીડિયા, હેલ્થકેર અને બોલીવુડ નું એવોર્ડ ફંકશન યોજાયું..
India vs Australia Mohali ODI: क्रिकेट के तीनों फॉर्मेट में नंबर-1 बनी टीम इंडिया
India vs Australia Mohali ODI: क्रिकेट के तीनों फॉर्मेट में नंबर-1 बनी टीम इंडिया
मुले घडवीत सामाजिक भान जपणारे आदर्श शिक्षक प्राचार्य अनिल शिंदे
मुले घडवीत सामाजिक भान जपणारे आदर्श शिक्षक अनिल शिंदे
कान्हूर मेसाई ता. शिरुर येथील...
વિરપુરના ધોરાવાડા અને સાલૈયા ખાતે વિકસિત ભારત સંકલ્પ યાત્રાનો કાર્યક્રમ યોજાયો...
વિરપુર તાલુકાના ધોરાવાડા અને સાલૈયા ગામ ખાતે વિકસિત ભારત સંકલ્પ યાત્રાનું ઉમળકાભેર સ્વાગત કરાયું...
સંતરામપુર મુકામે વૃક્ષારોપણ કાર્યક્રમ યોજવામાં આવ્યો
જન્મદિવસ મંગલમય હો !
આજે સંતરામપુર મુકામે આપણાં ગુજરાત રાજ્યના સરળ વ્યક્તિત્વ ધરાવતા...