গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এক গোহাৰিত বিভাগে প্ৰকাশ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্টত বাণিজ্যিক উদ্দেশ্যৰে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাটো ৰন্ধন গেছ (যোগান আৰু বিতৰণৰ নিয়ামক) আদেশ, ২০০০ৰ অধীনত নিষিদ্ধ আৰু বেআইনী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয়। হোটেল, ৰেষ্টুৰেণ্টসমূহত ১৯ কিলোগ্ৰাম ওজনৰ নীলা ৰঙৰ বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ বিভাগে আহ্বান জনাইছে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ প্ৰমাণ পালে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। উল্লেখযোগ্য যে স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ অভিযোগৰ ভিত্তিত যোৱা ৪ জুলাইত গোলাঘাটৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে গোলাঘাট নগৰৰ কেইবাখনো ৰেষ্টুৰেণ্ট আৰু হোটেলত ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত গোলাঘাট নগৰৰ এখন হোটেলৰ পৰা ছটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદ ખાતે ભવ્ય તિરંગા રેલીનું આયોજન કરવામાં આવ્યું
બોટાદ ખાતે ભવ્ય તિરંગા રેલીનું આયોજન કરવામાં આવ્યું
Election 2024: पति Akhilesh और चाचा Shivpal की मौजूदगी में Dimple Yadav ने Mainpuri से भरा नामांकन
Election 2024: पति Akhilesh और चाचा Shivpal की मौजूदगी में Dimple Yadav ने Mainpuri से भरा नामांकन
বিজেপিৰ সভাপতিৰ অসম ভ্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভা
বিজেপিৰ সভাপতিৰ অসম ভ্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভাচ
জিলাৰ অভিভাৱক মন্ত্ৰী অসম চৰকাৰৰ উদ্যোগ...
Ashes 2023: Ben Stokes को अपनी टक्कर का खिलाड़ी मानते हैं Virat Kohli, शतकीय पारी देख दिल खोलकर की तारीफ
एशेज सीरीज के दूसरे टेस्ट मैच में ऑस्ट्रेलिया ने कमाल का प्रदर्शन करते हुए इंग्लैंड को 43...